জয় গুৰু শঙ্কৰ
ই-পুথি (অসমীয়া)

অসমীয়াক এটা কথা ক’বা - যেতিয়ালৈকে অসমীয়াই শঙ্কৰ-মাধৱক অনুকৰণ কৰি তেৰাসৱে দেখুৱাই দিয়া পথেদি চলি থাকিব তেতিয়ালৈকে জগতৰ কোনো শক্তিয়েই অসমীয়াক অনিষ্ট কৰিব নোৱাৰিব ৷ কিন্তু যিদিনাই অসমীয়াই নিজেই শঙ্কৰ-মাধৱক পাহৰিব সেইদিনা আৰু জগতৰ কোনো শক্তিয়ে অসমীয়াক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব - ৱিনোবাজী (১৯৮২)
কোন আছে শঙ্কৰৰ সমান?
- বস্তু প্ৰকাশ (শ্ৰীইলাৰাম দাস) “ঔষধ ব্যৱহাৰ কৰাৰ আগতেই বৈদ্যৰ বিষয়ে জনাটো প্ৰয়োজন ৷ ভৱৰোগী, কলিৰ মলমতি মনুষ্যৰ ত্ৰাণকৰ্ত্তা পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰদেৱ কোন - সেই বিষয়ে জনাৰ নিতান্তই প্ৰয়োজন ৷ [...] এই জনেই জীৱৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ ৷ বৈকুণ্ঠৰ অধিকাৰী নহলে বৈকুণ্ঠত প্ৰবাহমান হৈ থকা প্ৰেম অমৃতৰ নদীৰ পাৰ ভাঙিবৰ সাধ্য কাৰ!”
- কোন আছে শঙ্কৰৰ সমান? (হেম ভাই)
- প্ৰাচীনসকলৰ দৃষ্টিত শ্ৰীমন্ত শঙ্কৰদেৱ (বদনচন্দ্ৰ শইকীয়া)
- চৰিতকাৰৰ দৃষ্টিত শঙ্কৰদেৱ (বদনচন্দ্ৰ শইকীয়া) “শঙ্কৰদেৱৰ জগতগুৰু অভিধাটো আধুনিক কালৰ কোনোবা উন্নাসিক শঙ্কৰ প্ৰেমীয়ে প্ৰদান কৰা নহয় ৷”
- জাতিৰ জনক শ্ৰীমন্ত শঙ্কৰদেৱ (ডo সূৰ্যকুমাৰ ভূঞা) “এই নাম-ধৰ্ম, নাম কীৰ্তনৰ সংৰক্ষণ-কালিকা অদ্ভুত আৰু অলৌকিক ৷ আজিৰ অসমীয়াই এই কথা হৃদয়ঙ্গম কৰি মহাপুৰুষৰ বাণী বিস্তৃতভাৱে আৰু গভীৰকৈ প্ৰচাৰ কৰা কামত সঙ্ঘবদ্ধ হৈছো, এইটো অসমীয়াৰ সামাজিক আৰু জাতীয় জীৱনৰ পক্ষে সুমঙ্গলৰ চিন ৷”
পুৰণি অসমীয়া সাহিত্যৰ পৰা
- শঙ্কৰ-মাধৱ বাদানুবাদ (ৰামানন্দ দ্ৱিজ)
- ভট্টদেৱ: কথা-ভাগৱত (ভট্টদেৱ)
- শ্ৰীকৃষ্ণ-গীতা (অষ্টাদশ অধ্যায়) (গোবিন্দ মিশ্ৰ ভণিত)
মহাপুৰুষীয়া ধৰ্মমত
- মহাপুৰুষীয়া ধৰ্ম (শ্ৰীশ্ৰীগড়মূৰীয় গোস্বামী)
- মহাপুৰুষীয়া সম্প্ৰদায়ৰ ধৰ্ম্মমত (কনকলাল বৰুৱা)
- শঙ্কৰদেৱৰ আধ্যাত্মিক দান (ডo বাণীকান্ত কাকতি)
- নামধৰ্মৰ বিশেষত্ৱ (শ্ৰীহৰকান্ত দাস) “শঙ্কৰ গুৰুৰ প্ৰৱৰ্ত্তিত নামধৰ্মই সবাতোকৈ শ্ৰেষ্ঠ ... যিকোনো লোকে যিকোনো ঠাইত যিকোনো সময়ত আৰু অৱস্থাত এই বিশুদ্ধ সনাতন ধৰ্ম সহজে পালন কৰিব পাৰে ৷ নাৱৰীয়াই বঠাৰ চাবে চাবে, খৰিকটিয়াই দা-কুঠাৰৰ ঘাপে ঘাপে, হালোৱাই আৰু পথিকে খোজৰ তালে তালে, আয়তীসকলে ঢেকীৰ আৰু তাঁত শালৰ চাবে চাবে ...”
- শঙ্কৰদেৱ আৰু তেখেতৰ ধৰ্ম্ম (ইউ. পি. দে)
- ধৰ্ম্মৰ বিষয়ে যত্কিঞ্চিত্ (লক্ষ্মীনাথ বেজবৰুৱা) “Apparently contradictory অৰ্থাত্ দেখোতে পৰস্পৰ বিৰোধী প্ৰায়বোৰ শাস্ত্ৰই ৷ কিন্তু সেইটো ওপৰ চকুৱা সকললৈ হে; শাস্ত্ৰ-সিন্ধুত দকৈ বুৰ মাৰি মুকুতা বিচাৰোতা সকললৈ তেনে নহয় ৷ হিন্দুৰ সকলো শাস্ত্ৰতে ঐক্য আৰু সামঞ্জস্যৰ এটা undercurrent গূঢ় তাত্পৰ্য্যৰ সোতৰ ধাৰ আছে দ তলতীয়া সেই সোতৰ সম্ভেদ, শাস্ত্ৰ নৈৰ ওপৰত ওপঙি উটি যোৱা সকলে নাপায় ৷ সেই বাবেই শাস্ত্ৰৰ উপদেশেৰে সৈতে গুৰুৰ উপদেশ লাগে, কাৰণ বহুদৰ্শী বিচক্ষণ কৰ্ণধাৰ গুৰুৱেহে সেইবোৰ পৰস্পৰ বিৰোধী কথাৰ আউল ভাঙি, চট আৰু বুৰি থকা শিলৰ পৰা শিষ্যৰ নাও নিৰাপদে সৰুৱাই গন্তব্য স্থানত উলিয়াই দিব পাৰে ৷”
- ধৰ্ম্ম সম্বন্ধে লগা তৰ্কৰ সিদ্ধান্ত (লক্ষ্মীনাথ বেজবৰুৱা)
- বেদত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক ঈশ্ৱৰবাদ (সোণাৰাম চুতীয়া) “মহাপুৰুষীয়া ধৰ্ম বিৰোধীসকলে এক ঈশ্ৱৰ মতবাদক ‘ছেমিটিক সঙ্কীৰ্ণ মনৰ অৱদান’ বুলি মাজে মাজে যি কটাক্ষপাত কৰি আছে সেই সকলৰো এই বিৰোধী মনোভাৱ খণ্ডন কৰি ই যে বৈদিক মতবাদ এই সিদ্ধান্তৰ প্ৰতিষ্ঠা দৃঢ় কৰাও এই ভাষণৰ অন্যতম উদ্দেশ্য...”
শ্ৰীমদ্ভাগৱত মাহাত্ম্য
- ‘কৃষ্ণস্তু ভগৱান্ স্ৱয়ম্’ (সোণাৰাম চুতীয়া)
- ভাগৱত পুৰাণ সম্পৰ্কে যত্কিঞ্চিত্ (ডo কেশৱানন্দ দেৱগোস্ৱামী)
“... কৃষ্ণ কথা কীৰ্ত্তন কৰি গৈছে : পাছে ৰাই আতা বোলে দদা, ৰামৰ চৰিত্ৰ কোৱা জক সুনু ৷ তেহে ৰামৰ চৰিত্ৰ তুলি গৈছে : কৃষ্ণ কথাত পৈলহি : ৰাই আতা বোলে দদা ৰামৰ চৰিত্ৰহে সুধিছো : দহোঁ কৃষ্ণ কথা কই : বোলে কোনোবা খানিতে গ’ল : চোট আতা বোলে বাপ তাৰকা বধৰ্তে পুতনাবধলৈ গ’ল : আকৌ তেহে তাৰকা বধৰ পৰা ধৰিলে : কত খানি কৈ গৈছে : আকৌ কৃষ্ণৰ চৰিত্ৰত পৈলগৈ : আকৌ ৰাএ বোলে : দদা ৰামৰ চৰিত্ৰহে সুধিছো : দহোঁ কৃষ্ণ কথা কই : বোলে কোনবা খানিতে আহিল ভূকে নাপালো : চোট আতা বোলে মাৰিচ বধৰ পৰা চক্ৰবাত বধলৈ গ’ল : তেহে বোলে এ কৃষ্ণ কথা চৰিত্ৰে : আমাৰ চিত্তক আহৰণ কৈলে : ৰাএ নধৰিলে আৰু : ৷” - শ্ৰীমদ্ভাগৱতৰ অনুবাদকসকল (শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ)
এক-শৰণ তত্ত্ৱ
- শৰণ (সোণাৰাম চুতীয়া)
- একশৰণত সৰ্ব্ব ধৰ্ম্ম ত্যাগ (সোণাৰাম চুতীয়া)
- “আনদেৱ পূজে যিটো সেহি মোৰ দ্ৰোহী” - শৰণম্ আশ্ৰয় (অচ্যুত কৃষ্ণ মিশ্ৰ)
- “হে কৃষ্ণ তযুপাৱে পশিলো শৰণ ” ৷৷ (শ্ৰীইলাৰাম দাস)
- একশৰণ হৰিনাম ধৰ্ম : এটি আলোচনা (দীননাথ ডেকা)
- “শৰণ-কালৰ পৰা বিধিৰ কিঙ্কৰ গুচি / কৰে সদা শ্রৱণ কীর্ত্তন” ৷৷ (শ্ৰীইলাৰাম দাস)
- ভক্তি-ৰত্নাকৰৰ আধাৰত একশৰণ তত্ত্ৱ (সোণাৰাম চুতীয়া)
পৰিশিষ্ট
- “স্থানত্যাগে ← ন শোভন্তে দন্তাঃ কেশা নখা নৰাঃ ” (শ্ৰীভুবন চন্দ্ৰ ভূঞা, ব্যাকৰণতীৰ্থ, তৰ্কশাস্ত্ৰী)