জয় গুৰু শঙ্কৰ
বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী
(শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ‘বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী’ (প্ৰথম খণ্ডৰ) পৰা)

এয়ে শেষ সিদ্ধান্ত যে নাম-ধৰ্মৰ প্ৰৱৰ্তক ‘ভগৱান স্ৱয়ং’ কৃষ্ণ নামৰ প্ৰকাশ আৰু প্ৰচাৰ মহাপুৰুষ শঙ্কৰদেৱৰ দৰে কৰা নাই কাৰণে শ্ৰীমন্ত শঙ্কৰদেৱো কৃষ্ণৰে অৱতাৰ ৷ মহাপুৰুষজনাই নিজক পৰিচয় দিওঁতে সদাই ‘কৃষ্ণৰ কিঙ্কৰ’ ৰূপে প্ৰকাশ কৰিছে ৷ তেৰা যে ভক্তৰূপে অৱতাৰী ভগৱান তাত সন্দেহ নাই ৷ - সোণাৰাম চুতীয়া (কৃষ্ণ সূৰ্য্য)
- ব্ৰহ্মচিন্তা
- ‘প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন’ “মৃত্যু তৰিবৰ কাৰণে তেওঁক জনাৰ বাহিৰে অন্য দ্ৱিতীয় উপায় নাই...”
- শৰীৰ আৰু আত্মা (গীতা আৰু ভাগৱতৰ মত অনুসৰি)
- নিজৰ কথিত ভাষাত পৰমেশ্ৱৰৰ প্ৰাৰ্থনা
- গীতাৰ দুৱাষাৰ “অৰ্জুন হ’ল “the struggling individual who feels the burden and the mystery of the world”; জগতৰ বিচিত্ৰতা আৰু মহাভাৰত জৰ্জৰিত হৈ সত্যানুসন্ধানকাৰী ব্যক্তিয়েই অৰ্জুন আৰু শুদ্ধসম্পূৰ্ণজ্ঞান মূৰ্তিমন্ত শ্ৰীকৃষ্ণ ৷ এই ভগৱান শ্ৰীকৃষ্ণত অনন্যশৰণ বা একশৰণ গীতাৰ মূল বস্তু ৷ কোনোবাই এই বিষয়ে সন্দেহ বা ইতস্তঃ কৰে বুলি অভয় দান দিছে, অহং ত্ৱাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷”
- শৰণ
- একশৰণত সৰ্ব্ব ধৰ্ম্ম ত্যাগ
- Srimanta Sankaradeva and his Eka-Sarana Hari-Nāma Dharma
- ভক্তি-ৰত্নাকৰৰ আধাৰত একশৰণ তত্ত্ৱ
- কৃষ্ণ সূৰ্য্য
- মহাপুৰুষীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ৱ
- মহাপুৰুষীয়া ধৰ্ম্মবিপ্লৱ
- নাম ধৰ্ম্মৰ স্ৱৰূপ তাত্পৰ্য্য
- বেদত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক ঈশ্ৱৰবাদ “মহাপুৰুষীয়া ধৰ্ম বিৰোধীসকলে এক ঈশ্ৱৰ মতবাদক ‘ছেমিটিক সঙ্কীৰ্ণ মনৰ অৱদান’ বুলি মাজে মাজে যি কটাক্ষপাত কৰি আছে সেই সকলৰো এই বিৰোধী মনোভাৱ খণ্ডন কৰি ই যে বৈদিক মতবাদ এই সিদ্ধান্তৰ প্ৰতিষ্ঠা দৃঢ় কৰাও এই ভাষণৰ অন্যতম উদ্দেশ্য...”
- গীতা-ভাগৱতৰ মতে বৰ্ণ-ব্যৱস্থা “ডাক্তৰৰ পুত্ৰ ডাক্তৰ হোৱাত বাধা নাই; কিন্তু ডাক্তৰৰ ঘৰত জন্মিলেই যে ডাক্তৰ হ’ব এনে উদাহৰণ কোনো কালত বা কোনো দেশত নাই বা হ’বও নোৱাৰে ৷ গীতা-ভাগৱতৰ এয়ে সিদ্ধান্ত ৷”
- চতুৰ্ব্বৰ্ণৰ ভাগৱতী সিদ্ধান্ত
- উতঙ্ক মুনিৰ আখ্যান
- ব্ৰহ্মাৰ নিৰ্ণয়
- বৰ্ত্তমান সময়ত ধৰ্মৰ প্ৰাসঙ্গিকতা “ধৰ্ম এই শব্দটোৰ বিষয়ে চিন্তা কৰাৰ আগতে কাল (Time) আৰু স্থান (Space) - এই শব্দ দুটাৰ তাত্পৰ্য্য বুজি ল’লে সুবিধা হ’ব...”
- বাস্তৱবাদী ধৰ্ম্ম
“বৃহদাৰণ্যক উপনিষদত ধৰ্মৰ সম্পৰ্কে দ-দ-দ এই তিনি দ’ৰ ... উল্লেখ কৰিছে [...] বাহিৰৰ কিবা বিপদৰ পৰা আমি যদি নিজক ৰক্ষা কৰিব নোৱাৰো, বচাব নোৱাৰো তেতিয়া বুজিব লাগিব যে উপৰোক্ত ধৰ্ম আমি অনুশীলন কৰা নাই ৷”
“পৃথিৱীৰ সকলো সন্ত (Saints) লোকেই ঈশ্ৱৰ প্ৰেৰিত দূত বা ঈশ্ৱৰ শক্তি সম্পন্ন একো একোজন অৱতাৰী পুৰুষ ৷ পৃথিৱীৰ লোকসমূহৰ অন্তৰত ঈশ্ৱৰানুভূতিৰ জাগৰণৰ কাৰণে বা অন্তৰৰ তৃষ্ণা দূৰ কৰিবৰ কাৰণেই এই সন্তসকলৰ পৃথিৱীত আবিৰ্ভাৱ ৷ ভগৱানৰ মহান দিব্যজ্যোতিৰ এক এক কণা লৈ এই মহাপুৰুষসকলে ভগৱন্তৰ সম্পৰ্কে জনসমাজত প্ৰচাৰ কৰে ৷ যেতিয়া সেই প্ৰচাৰিত জ্যোতিয়ে জ্যোতিষ্মান হয় তেতিয়া সেই সন্তজন সেই মহান জ্যোতিৰ প্ৰতীকৰূপে বিকশিত হয় ৷ আমাৰ দেশত ইতিহাসৰ আৰম্ভণৰ পৰাই লোক কিছুমানে প্ৰতিটো কৰ্মতে এই ঐশ্ৱৰিক অৱস্থিতিৰ উপলব্ধিৰ কাৰণে চেষ্টা চলাই অহা দেখা গৈছে ৷” - অনৈক্য-ধৰ্ম-ঐক্য “(Madame Blavatsky) The three personalities of Krishna, Gautama (Buddha) and Jesus appeared like true Gods each in his epoch; and bequeathed to humanity three religions built on the imperishable rock of the ages. That all three ... have in time become adulterated, is no fault of the Reformers. It is the priestly self-styled husbandsmen of the vine of the Lord who must be held to account by future generations.”
- আধ্যাত্মিক ক্ষেত্ৰত নাৰী “স্ত্ৰী শূদ্ৰো কৰৈ যেৱে আমাত ভকতি ৷ তাহাতো কহিবা ইটো জ্ঞান মহামতি ৷৷”
- মহাপুৰুষীয়া ধৰ্ম আৰু কৰ্মকাণ্ড
- লৌকিক-বৈদিক কৰ্ম আৰু শ্ৰীশ্ৰীমাধৱদেৱ “হে মোৰ স্ৱামী! ডাঙৰ-ডাঙৰ ঋষিমুনিসকলে নিজৰ মাত্ৰ মুক্তি সাধনৰ কাৰণে নিৰ্জন অৰন্যলৈ গৈ মৌনব্ৰত ধাৰণ কৰেগৈ ৷ অন্যলোকৰ মঙ্গল সাধনৰ কাৰণে তেওঁলোক চিন্তাহীন, যত্ন কৰা দূৰৰ কথা ৷ মোৰ চিন্তা, প্ৰভু, অন্যধৰণৰ ৷ এই অসহায়, চিন্তাশূন্য, দুৰ্ভগীয়া লোকসকলক বাদ দি মই অকলে মুক্ত হ’বলৈ নিবিচাৰোঁ; এই বিমূঢ় লোকসকলৰ কাৰণে তোমাৰ চৰণত শৰণ বা আশ্ৰয়ৰ বাহিৰে আন কোনো উপায় মই দেখা নাই...”
- বিকৃত ব্যাখ্যা
- সংশয় নিৰাকৰণ - লৌকিক ৱৈদিক কৰ্ম আচৰণ কৰি ভগৱন্তত অৰ্পণ কৰা কৰ্ম-ভক্তি মহাপুৰুষৰ বস্তু নহয়; নাম-কীৰ্ত্তন কেন্দ্ৰী প্ৰেম-ভক্তিহে মহাপুৰুষৰ ধৰ্ম [...] দুষ্ট ব্যাখ্যাৰ পৰা সাৱধান
- মুণ্ডন
- ভাৰত-তীৰ্থ “আনুষ্ঠানিক কৰ্ম-ধৰ্মই এক সম্প্ৰদায়ক আন সম্প্ৰদায়ৰ পৰা পৃথক কৰি ৰাখে বা এতিয়াও ৰাখি আছে ৷ [...] কবি কল্পিত ভাৰত-তীৰ্থ যদি বাস্তৱতে ৰূপায়ণ হৈছে তেন্তে এই ভক্তি-মাৰ্গতহে ৷ ইয়াত মুছলমানৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছে (ফৰীদ-নানক), ব্ৰাহ্মণে আলিঙ্গন কৰিছে অস্পৃশ্যক (ৰামানন্দ-কবীৰ-বত্সৰায়-কনক দাস), শূদ্ৰ সন্তানে ধৰ্মোপদেশ দিছে সকলো শ্ৰেণীৰ লোকক (শ্ৰীমন্ত শঙ্কৰদেৱ, তুকাৰাম, নামদেৱ প্ৰভৃতি)...”
- শ্ৰীশ্ৰীমাধৱদেৱৰ স্মৃতিত পুষ্পাঞ্জলি
- শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্ৱামীদেৱৰ সান্নিধ্যত “অসমৰ বা ভাৰতৰ কি ভিতৰত কি বাহিৰত এইজনা পুৰুষৰ প্ৰভাৱে বহুত দিনলৈ সকলোকে অনুপ্ৰাণিত কৰক - এয়ে প্ৰাৰ্থনা ৷”