PDF | Translation

ভক্তি-ৰত্নাকৰৰ আধাৰত একশৰণ তত্ত্ৱ

মহা অগাধ শাস্ত্র, মহাপুৰুষ শঙ্কৰ ঈশ্বৰে সংগ্রহ কৰিলা ৷ আৰ ৰচনাত বঢ়া-টুটা যি দোষ হৈয়াছে তাক ক্ষমা কৰিবে লাগে ৷ মই মহামূঢ়ে দান্তে তৃণ কৰি প্রার্থনা কৰো ৷ যাতো বেহাৰ নগৰত দেখি শ্রী দামোদৰ ক্ষেত্রত পৰম ভাগৱত সৱে শোভিত দেখি সেহি স্থানত বসি গোপালচৰণ নাম মঞি অধমে নিবন্ধিলো ৷

সংস্কৃত ভাষাত সংকলন কৰা ভক্তি-ৰত্নাকৰ শ্রীমন্ত শঙ্কৰদেৱৰ একমাত্র সংস্কৃত গ্রন্থ ৷ অসম সাহিত্য সভাই প্রকাশ কৰা শ্রীশ্রীদামোদৰদেৱৰ কোচবেহাৰত থকা বৈকুণ্ঠপুৰ ধামত অৱস্থান কৰা গোপালচৰণ দ্বিজ বিৰচিত কথা ভক্তি-ৰত্নাকৰ—এই অমুল্য গ্রন্থত একশৰণ-তত্ত্বৰ যথেষ্ট উল্লেখ পোৱা যায় ৷ কথা-ভক্তি-ৰত্নাকৰকে কেন্দ্র কৰি আমাৰ আলোচনা আৰম্ভ কৰা হৈছে ৷

এক-শৰণ তত্ত্ব

ইয়াত ‘নির্গুণ ভক্তি’ৰ শিতান থকা ত্রয়োদশ মাহাত্ম্যৰ তিনিটা শ্লোকৰ মাত্র উল্লেখ কৰিলেই শৰণ-তত্ত্বৰ মর্ম উপলব্ধ হ’ব ৷

(১) তস্মাত্ত্বমুদ্ধৱোত্সৃজ্য চোদনাং প্রতিচোদনাম্‌ ৷ প্রবৃত্তিঞ্চ নিবৃত্তিঞ্চ শ্রোতৱ্যং শ্রুতমেৱ চ ৷৷ -ভাগ. ১১ ৷১২ ৷১২

কথা ভক্তি-ৰত্নাকৰত (ক.ভ.):

একাদশৰ দ্বাদশ অধ্যায়ত উদ্ধৱৰ প্রতি ভগৱন্তে বোলন্ত: হে উদ্ধৱ যাতো মোৰ ভজনৰ এমন প্রভাৱ এতকে বিধি-নিষেধ প্রবৃত্তি-নিবৃত্তি যিবা শুনিবাক আছে, যিবা শুনিচা সৱে এৰি সর্বান্তর্যামী মোত মাত্র কায় বাক্য মনে এক-শৰণ লৱা, কিছু ভয় নকৰিবা সমস্ত ভয়ত হন্তে মই ৰাখিম ৷০৷

(২) মামেকমেৱ শৰণমাত্মানং সর্ৱ দেহিনাম্ ৷ যাহি সর্ৱাত্মভাৱেন ময়া স্যাঃ হ্যকুতোভয়ঃ ৷৷ -ভাগ. ১১ ৷১২ ৷১৩

‘মোত একশৰণ, একমাত্র মোত শৰণ’

ব্যাখ্যা:

সর্ৱ দেহিনামাত্মানমিতি একমিতি চ সর্ৱস্য মমেদং সত্ত্বং কথিতম্ ৷ ময়ি প্রীতে কে ইতৰে নো প্রসন্নাঃ সর্ৱাত্মভাৱেন সর্ৱাত্মকভাৱনায়া ৷ ময়া ঈশ্বৰেণ ৰক্ষকেনাভয়ঃ স্যাঃ ভৱ ৷

অৰ্থা‍ত্‍ :

কায়-বাক্য-মনে একমাত্র মোত (মামেকমেৱ) শৰণ লোৱা; কাৰণ, সমস্তৰে সন্তুষ্টি; মই ঈশ্বৰ ৰক্ষক থাকোতে তুমি ভয় নকৰিবা, অভয় হোৱা ৷

(৩) সর্ৱ ধর্মান্ পৰিত্যজ্য মামেকং শৰণং ব্রজ ৷ অহংত্বাং সর্ৱ পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷ -গী. ১৮ ৷৬৬

কথা-ভাগৱত:

এইমতে সমস্ত গীতাৰ সাৰ উদ্ধাৰি ভগৱন্তে গুহ্যতো কৰি পৰম গুহ্যক কহন্ত, নিজদাস অর্জ্জুনৰ আগত : জানা বান্ধৱ, সখি, মোৰ ভক্তিতে সমস্তে হুইব এনয় সুদৃঢ় বিশ্বাস কৰি বিধিৰ কিঙ্কৰ যত ধর্ম আছে সৱাকে পৰিত্যাগ কৰি মোত এক-শৰণ হৱা : যদি বোলা এমনে প্রৱর্ত্তিলে কর্ম-ত্যাগ নিমিত্ত পাপ হুইব ইমত শোক নকৰিবা যাতো তুমি মোত এক-শৰণ হুয়া আছা, এতেকে সমস্ত পাপত হন্তে মঞি মুকুত কৰিম

গুৰুসেৱামাহাত্ম্য

প্রথম মাহাত্ম্য গুৰুসেৱামাহাত্ম্য ৷ ইয়াত সিদ্ধান্ত দিছে:

কৃষ্ণত একান্ত-শৰণ হৈয়া গুৰু-সেৱাত সংসাৰ নিস্তৰি ৷ গুৰু-সেৱা ছাৰি যাগযোগাদি অন্য কর্মে সংসাৰ তৰণ নাই এইসৱ অর্থ নির্ণিত হৈল ভক্তি-ৰত্নাকৰত ৷

গুৰু-সেৱা কাক বোলা হয়?

গুৰুৰ উত্তম সেৱা শ্রৱণ কীর্ত্তন ৷

নৰ-দেহা-মাহাত্ম্য

নৰ-দেহা-মাহাত্ম্য নামৰ দ্বিতীয় মাহাত্ম্যত সিদ্ধান্ত দিছে:

ইমত নৰ দেহ পায়া যাৰাসৱে এক-শৰণ হৈয়া কৃষ্ণৰ পাদ-পদ্মক নভজে তাৰা অতি নিন্দিত ৷

ভজনীয় পুৰুষোত্তম শ্রীকৃষ্ণৰ মাহাত্ম্য

পঞ্চম মাহাত্ম্য ভজনীয় পুৰুষোত্তম শ্রীকৃষ্ণৰ মাহাত্ম্য ৷ ইয়াত এক-শৰণৰ উল্লেখ দুবাৰ কৰিছে:

(১) যাতো কাৰণৰো কাৰণ কৃষ্ণ ৷ এতেকে তান্ত ব্যতিৰেকে বস্তু কৰি নাই ৷ এইসৱ বিচাৰে শ্রীকৃষ্ণ মাত্র সত্য, আক জানি তান্তে এক-শৰণ হৈল যাৰা তাৰা অনায়াসে মোক্ষ পাৱে ৷

(২) তান চৰনত এক-শৰণ হৈয়া সেৱা কৰিল মাত্রকে পৰম গতিক পায়, আনমতে নাপায় ৷

শ্রীকৃষ্ণৰ গুণ-নামাদি শ্রৱণ-মহিমা

শ্রীকৃষ্ণৰ গুণ-নামাদি শ্রৱণ-মহিমা নামৰ ষষ্ঠ মাহাত্ম্যত সিদ্ধান্ত দিছে:

সর্বজনে দেখা এইসৱ নিদর্শন দ্ৱাৰে এক-শৰণ হৈয়া পৰম সুখে কৃষ্ণ কথা শ্রৱণ কৰি সংসাৰত হন্তে মুকুত হয় আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

কীর্ত্তন-মাহাত্ম্য

কীর্ত্তন-মাহাত্ম্য নামৰ সপ্তম মাহাত্ম্যত সিদ্ধান্ত দিছে:

হে নৰনাৰী লোক দেখ, ইসৱ আদি ভগৱন্তৰ বচন অনুসাৰে এক-শৰণ হৈয়া হৰি গুণ নাম কীর্ত্তনত পৰে পৰম ধর্ম মহাধর্ম মোক্ষ দায়ক আৰ আন নাই ৷

স্মৰণ-মাহাত্ম্য

অষ্টম মাহাত্ম্য স্মৰণ-মাহাত্ম্য:

এই বচন প্রমাণে এক-শৰণ হৈয়া কৃষ্ণক স্মৰিল মাত্রকে সমস্ত পাপ ক্ষয় হয় ৷

এই মাহাত্ম্যৰ এয়ে সিদ্ধান্ত ৷

অৰ্চন-মাহাত্ম্য

নৱম মাহাত্ম্য অৰ্চন-মাহাত্ম্য, ইয়াৰ ঘোষণা:

ইত্যাদি বচন অনুসাৰে এক-শৰণ হৈয়া কৃষ্ণ পূজায়েসে সমস্তৰ পূজা হয়, পৃথকে নহে ৷ আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

ভগৱন্তৰ ভক্তিযোগ

দশম মাহাত্ম্য ভগৱন্তৰ ভক্তিযোগৰ সিদ্ধান্ত:

এৱমাদি বচন প্রমাণি এক-শৰণ হৈয়া কৃষ্ণ-ভক্তিয়েসে সংসাৰ তৰিবাক পাৰি যাগ-যোগাদিয়ে পুনু নপাৰি - আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

উত্তমাভক্তি মাহাত্ম্য

একাদশ মাহাত্ম্য উত্তমাভক্তি মাহাত্ম্য৷ ইয়াত সিদ্ধান্ত দিয়া হৈছে:

এই বচন অনুসাৰে কৃষ্ণত এক-শৰণ হৈয়া উত্তম ভক্তিয়েসে ভগৱন্তক পায় ৷ আনমতে নাপায় ৷

অন্তৰঙ্গাভক্তি মাহাত্ম্য

অন্তৰঙ্গাভক্তি মাহাত্ম্য দ্বাদশ মাহাত্ম্যত পণ্ডিতৰ সূত্র স্বয়ং ভগৱন্ত কৃষ্ণই ঘোষণা দিছে:

জানা উদ্ধৱ, ব্রাহ্মন, চাণ্ডাল জাতিত বিষম ৷ চোৰ দাতা কর্মত বিষম ৷ আদিত্য ষ্ফুলিঙ্গ ৰণত বিষম, শান্ত উগ্র স্বভাৱত বিষম ৷ তথাপি চাৰিওবিধ বিষমত যাৰা মোক মাত্র সমানে দেখে তাৰাক মোৰ মতে পণ্ডিত বুলি ৷৷

পুনৰ বষানিছে:

এইমতে ভগৱন্তৰ বচন প্রমাণে এক-শৰণ হৈয়া অন্তৰঙ্গতা ভক্তিয়ে ভগৱন্তক পাই আক ভক্তি ৰত্নাকৰত নির্ণিত কৰিলো ৷

নির্গুণ ভক্তি

নির্গুণ ভক্তি নামৰ ত্রয়োদশ মাহাত্ম্যৰ কথা আৰম্ভণতে উল্লেখ কৰি অহা হৈছে ৷ এই মাহাত্ম্যৰ সিদ্ধান্ত:

হে সভাসদ লোক, ভগৱন্তৰ বচনে প্রমাণ দেখা, ই সমস্ত বেদৰ সাৰ ৷ আক জানি তান চৰণত এক-শৰণ হৈয়া নির্গুণ ভক্তিয়েসে ভগৱন্তক পায়, আন তন্ত্র-মন্ত্র-তীর্থস্নানাদিত নাপায় ৷

সগুণ-নির্গুণ ভেদ

সগুণ-নির্গুণ ভেদ নামৰ পঞ্চদশ মাহাত্ম্যত একশৰণৰ উল্লেখ দুবাৰ কৰা হৈছে:

(১) মোত এক-শৰণ হৈয়া যিজনে কর্ম কৰে সিজন নির্গুণ বুলি, যাতো সি অহঙ্কাৰ ৰহিত ৷

(২) এইমানে ভগৱন্তৰ বচন প্রমাণে এক-শৰণ হৈয়া গুণময় ভাৱক এৰি নির্গুণ শ্রৱণ কীর্ত্তনাদি কৰিলে সংসাৰ ক্লেশ গুছে ৷

উত্তম ভক্তিৰ লক্ষণ

উত্তম ভক্তিৰ লক্ষণ নামৰ ষোড়শ মাহাত্ম্যৰ সিদ্ধান্ত:

ইসৱ বচন অনুসাৰে এক-শৰণ হৈয়া সাধাৰণ ভক্তিত মুক্তি সাধে, উত্তম ভক্তিয়ে পুনু কি কহিম আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

মধ্যম ভক্ত মাহাত্ম্য

সপ্তদশ মাহাত্ম্য মধ্যম ভক্ত মাহাত্ম্য; ইয়াৰ ঘোষণা:

এই বচন প্রমাণে এক-শৰণ হৈয়া ভক্তি কৰিলেসে ভগৱন্তক পায়, অন্যথা ৰূপে নাপায়, আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

প্রাকৃতভক্ত মাহাত্ম্য

প্রাকৃতভক্ত মাহাত্ম্য নামৰ অষ্টাদশ মাহাত্ম্যত কোবা হৈছে ব্যাসৰ প্রতি নাৰদৰ বাণী:

আৱে নিত্য-নৈমিত্তিক স্বধর্মৰ নিষ্ঠাকে অনাদৰি হৰি ভক্তি মাত্র উপদেশ দিয়া এই আশায়ে বোলন্ত ৷

পুনৰ সিদ্ধান্ত দিছে:

এৱমাদি বচন অনুসাৰে এক-শৰণ হৈয়া বিষয়াসক্ত জনো ভক্ত হৈলে মুকুতি পায়, উত্তম ভক্তৰ মহিমা কি কহিম ৷

অচাৰ-ভ্রষ্ট ভক্তৰ মাহাত্ম্য

উনবিংশ মাহাত্ম্য অচাৰ-ভ্রষ্ট ভক্তৰ মাহাত্ম্যত কৈছে:

একাদশৰ পঞ্চম অধ্যায়ত নিমি ৰাজাক প্রতি কৰভাজনৰ বচন দেখাই ভক্ত সৱে যেমনে বিধিনিষেধত নিৱর্ত্তি কৃত কৃত্য হয় তাক কহন্ত ৷ হে মহাৰাজা, যাৰা সৱে সমস্ত কর্ম এৰি সর্ৱভাৱে মুকুন্দত শৰণাগত হৈলে, যেৱে অভক্ত মানে পিতৃদেৱাদিৰ ঋণ কিঙ্কৰ হয়, তেমনে নহে ৷ এহিমতে যাৰা দেৱান্তৰ ভক্তি এৰি হৰি পাদমূলত ভজিল তাৰাৰ বিকর্মত প্রৱর্ত্তন নসম্ভৱে ৷

ভগবদ্‌ভক্তি প্রার্থনা

বিংশ মাহাত্ম্যত ভগবদ্‌ভক্তি প্রার্থনাৰ বিষয়ে আলোচনা কৰি শেষত সিদ্ধান্ত দিছে:

এই সৱ নিদর্শন দ্বাৰে এক-শৰণ হৈয়া ভগৱন্তক ভক্তি প্রার্থিলেসে ভক্তি পায় ৷ যন্ত্র, তন্ত্র, যাগ, যোগাদিয়ে পুনু নপায় আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

কলিযুগৰ পৰম ধর্ম নিৰুপণ

একবিংশ মাহাত্ম্যত কলিযুগৰ পৰম ধর্ম নিৰুপণ কৰিছে ৷ (ক’লেঃ পৰম ধর্ম নিৰুপণম্) সিদ্ধান্ত সমূহ:

সত্যত ধ্যানে, ত্রেতাত যজ্ঞে, দ্বাপৰত পূজায়ে যি ফল পাৱে কলি-যুগে কীর্ত্তন মাত্রকে তাক লভে ৷০৷ এতেকে সংসাৰী জীৱৰ কীর্ত্তনৰ পৰে আন পৰম ফল নাই ৷

পুনৰ কৈছে:

বৈষ্ণৱানন্দলহৰীতো কৃষ্ণদেৱে বোলন্ত ৷ হে সখে, কলিত নাম বিনে অনপ্রকাৰে গতি নাই আক নিশ্চয়ে কহিলো ৷ জানা বান্ধৱ, আৰো বৈষ্ণৱত হন্তেসে ভক্তি পায়, ভক্তিহৈলেসে মোক লভে, এতেকে বিশেষ কৰি কহিলো ৷ কলিযুগত বৈষ্ণৱেসে বিষ্ণু ৷০৷

পুনৰ:

শুকদেৱে মহামনে দুঃখে বোলন্ত ৷ হে ৰাজা, যাৰ নামক মনুষ্যমাত্র পৰন্তে, পিছলন্তে, বিৱশ হৈয়াও কীর্ত্তন কৰিল-মাত্রকে সদ্যে কর্মবন্ধ এৰাই পৰম গতিক পাৱে ৷ হা হা হেন প্রাণনাথক কলিযুগত মনুষ্যসৱে নভজিব ৷০৷ আৰু দেখা, হে বাপ, ব্রহ্মাদি যাৰ চৰণক পূজা কৰে, সমস্ত জগতৰ পৰম গুৰু হেন ভগৱন্তক কলিযুগত পাষণ্ডৰ বাক্যে ভিন্ন বুদ্ধি হুয়া লোকে সেৱা নকৰিব ৷০৷

এই মাহাত্ম্যৰ শেষ সিদ্ধান্ত:

এইসৱ বচন অনুসাৰে এক-শৰণ হৈয়া কলিকালত হৰি গুণ-নাম কীর্ত্তনেসে ভগৱন্তক পায়, কর্ম-ধর্মাদিয়ে পুনু নাপায় আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

হৰিভক্তিহীন অজ্ঞানীৰ নিন্দা

ত্রয়োবিংশ মাহাত্ম্যত হৰিভক্তিহীন অজ্ঞানীৰ নিন্দা কৰা হৈছে ৷ কেইটামান সিদ্ধান্ত বিশেষ লক্ষ্য কৰিব লগা:

(১) যাতো বেদবাদে মোহিত হৈয়া আপোনাক পণ্ডিত কৰি মানে, বিচাৰত পুনু মূর্খ, তথাপি বেদৰ মধুৰবাদে উত্সুক হৈয়া অজ্ঞানীৰ আগে চতুৰ বচন বোলে ৷০৷

(২) বৃহত্‍নাৰদীৰো বচন দেখা ৷ হে মহীপাল, বিষ্ণুভক্তিবিহীন হৈলে দ্বিজ হৈতেও চাণ্ডালত কৰি অধম, ভক্তচাণ্ডাল দ্বিজতো কৰি উত্তম ৷

(৩) পদ্মপুৰাণতো হৰদেৱে পার্বতীক কহিছা ৷ হে প্রিয়ে, অভক্ত ব্রাহ্মণ চাণ্ডালতো কৰি অধম জানিবা, বৈষ্ণৱ পুনু বর্ণবাহ্য হয় তথাপি তিনিও লোকক পৱিত্র কৰে ৷

এই প্রকাৰে কৃষ্ণত এক-শৰণ হৈয়া তান ভক্তিয়েসে গতি হয় ৷ আনমতে পুনু নহয় ৷

ভগবত্‍ভক্তিদ্বেষীৰ গতি

চতুৰ্বিংশ মাহাত্ম্যত ভগবত্‍ভক্তিদ্বেষীৰ গতি বিষয়ে আলোচনা কৰি সিদ্ধান্ত দিছে:

হে নৰ-নাৰীলোক, দেখ ওহি প্রকাৰে ভগৱন্তৰ বচন প্রমাণে এক-শৰণ হৈয়া বৈষ্ণৱৰ নিন্দা এৰি ভক্তি কৰিলেসে ভগৱন্তক পায়, অন্যথা নাপায় আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

ভক্তৰ অঙ্গপ্রশংসা

ভক্তৰ অঙ্গপ্রশংসা কৰি পঞ্চবিংশ মাহাত্ম্যত সমস্তৰে দৃষ্টি আকর্ষণ কৰি ঘোষণা দিছে:

এইসৱ বচন অনুসাৰে এক-শৰণ হুয়া হৰিভক্তি কৰিলেসে জন্ম-কর্মাদিৰ ফল আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

হৰিভক্তিহীনৰ জন্ম-কর্মাদি নিন্দা

হৰিভক্তিহীনৰ জন্ম-কর্মাদি নিন্দা কৰি সপ্তবিংশমাহাত্ম্যত কোবা হৈছে:

(১) বৈষ্ণৱানন্দতে কৃষ্ণদেৱে কহন্ত ৷ হে সখে, যদ্যপি মোৰ নাম আছে, গাৱে গাৱে মুখো আছে, তথাপি অজ্ঞানীসৱ ঘোৰ নৰকত পৰে ৷

(২) বৃহ‍‌ত্‍ - নাৰদীপুৰাণতো নাৰদে বোলন্ত ৷ অহো চিত্র, অহো চিত্র, অহো চিত্র, হৰি-নাম থাকন্তেও পুনৰপি সংসাৰতে পৰে ৷

(৩) আৰো ভজন থাকোক সেই সেই ভাগ্যৱন্ত যদি হৰি ভক্ত হৈলে তাৰ আন ধর্ম নকৰিবাৰ দেখি সেই দুর্জন সৱে বেঢ়ি অসুয়া কৰে ৷ হা হা নিশ্চয়ে জানিলো ই পাপীসৱ অধোগতি গৈল ৷ হে নৰ-নাৰীসৱ, নাৰদৰ দায়াৰ বচন দেখা, আক জানি এক-শৰণ হৈয়া হৰি-ভক্তি কৰা ৷

বৃথাকথনদোষ

অষ্টাবিংশ অধ্যায়ত বৃথাকথনদোষৰ সমালোচনা কৰি সিদ্ধান্ত দিছে:

এৱমাদি বচন অনুসাৰে এক-শৰণ হৈয়া কুকথা এৰি কৃষ্ণ-কথা কীর্ত্তনেৰে সংসাৰ নিস্তৰি, অন্যথাও নতৰি, আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

অভক্তৰ অঙ্গনিন্দা

অভক্তৰ অঙ্গনিন্দা নামৰ উনত্রিংশ মাহাত্ম্যৰ সিদ্ধান্ত:

এই প্রকাৰে এক-শৰণ হৈয়া বিষ্ণু-ভক্তসৱ সুখে সংসাৰ নিস্তৰে ৷

প্রায়শ্চিত্তনিন্দা

প্রায়শ্চিত্তনিন্দা বিষয়ে ত্রিংশ মাহাত্ম্যৰ সিদ্ধান্ত:

ইসৱ বচন অনুসাৰে এক-শৰণ হৈয়া হৰি-ভক্তিসে সমস্ত পাপৰ শ্রেষ্ঠ প্রায়শ্চিত্ত ৷

প্রবৃত্তিমার্গৰ নিন্দা

প্রবৃত্তিমার্গৰ নিন্দাসূচক একত্রিংশ মাহাত্ম্যত ঘোষণা দিছে:

প্রবৃত্তিপৰা: সন্তো নোত্তমগতিম প্রাপ্নুৱন্তি ৷

অর্থাত্‍ , সন্ত হ’লেও প্রবৃত্তিপৰায়ণ লোকৰ উত্তম গতিলাভ নহয় ৷ প্রবৃত্তি মার্গ ত্যাগ কৰি একশৰণ হৈ বিষ্ণুক ভজি উত্তম গতি পায় ৷

ভাৰতভূমি প্রশংসা

ভাৰতে জন্ম লভি যাৰা এক-শৰণ হৈয়া কৃষ্ণক ভজে তাৰা অনায়াসে সংসাৰ তৰে ৷

-এয়ে ভাৰতভূমি প্রশংসা নামৰ ত্রয়ম্ত্রিংশ মাহাত্ম্যৰ সিদ্ধান্ত ৷

ভক্তি অধিকাৰীৰ ভক্তিযোগ

ভক্তি অধিকাৰীৰ ভক্তিযোগ চতুৰ্ত্ৰিংশ মাহাত্ম্য ৷ ইয়াৰ সিদ্ধান্ত:

এইসৱ বচন অনুসাৰে এক-শৰণ হুয়া ভক্তি-অধিকাৰীসৱে ভক্তিযোগে সংসাৰ তৰে আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

জ্ঞান-ভক্তিযুক্তবৈৰাগ্য মাহাত্ম্য

পঞ্চত্রিংশ মাহাত্ম্য জ্ঞান-ভক্তিযুক্তবৈৰাগ্য মাহাত্ম্য ৷ ইয়াৰ সিদ্ধান্ত:

এইসৱ বচন অনুসাৰে এক-শৰণ হৈয়া বৈৰাগ্য বিনেও কেৱল ভক্তি মাত্রকে ভগৱন্তক পায় ৷

মায়াতৰণোপায়

মায়াতৰণোপায় বিষয়ক ষষ্ঠ ত্রিংশমাহাত্ম্যই সিদ্ধান্ত দিছে:

এইসৱ ভগৱন্তৰ বচন অনুসাৰে এক-শৰণ হুয়া ভগৱন্তৰ কৃপায়ে অনায়াসে মায়াক জানেও তৰেও ৷

শ্রীমদ্ভাগৱত মাহাত্ম্য

শ্রীমদ্ভাগৱত মাহাত্ম্য সপ্তাত্রিংশ মাহাত্ম্যত গুৰুত্বপূর্ণ কেইবাটাও সিদ্ধান্ত পোবা যায়:

(১) আন শাস্ত্রসৱ ঋষিলোকে কৰে, এতেকে তাত আশয়, আসক্তি, ভ্রান্তি, প্রমাদ এই চাৰি দোষ থাকে ৷ আৰু যাতো শ্রী-নাৰায়ণে আপুনি সংক্ষেপে প্রথমে কৰিলা এতেকে আত সি দোষ নাই ৷

(২) সকলে বেদ ভৈল কল্পতৰু বৃক্ষ, তাৰ ফল ভাগৱত ৷ ই পুনু পূর্বত বৈকুণ্ঠত আছিল ৷ তেৱে লোকক কৃপায়ে পদ্ম-কল্পত শ্রী-নাৰায়ণে ব্রহ্মাক দিলন্ত ৷ ব্রহ্মায়ে নাৰদত কহিলা, নাৰদে আনি মোক দিলা, ময়ো শুক মুখত নিৱেদিলোঁ ৷ শুক মুখত হন্তে শিষ্য-প্রশিষ্যাদি দ্বাৰে অখণ্ডে পৃথিৱীত নামিল ৷

(৩) আত কেৱল নাম মাত্র প্রধান ৷

এই মাহাত্ম্যৰ শেষ সিদ্ধান্ত দিছে:

এইসৱ বচন প্রমাণে এক-শৰণ হুয়া শ্রী-ভাগৱতৰ শ্রৱণ ইচ্ছা মাত্রকে পৰম সুখে সংসাৰ তৰে ৷ আক ভক্তি ৰত্নাকৰত নির্ণয় কৰিলো ৷

যমনিয়ম

যমনিয়ম নামৰ অষ্টাত্রিংশ মাহাত্ম্যই ভক্তি-ৰত্নাকৰ গ্রন্থৰ সর্ব্বশেষ মাহাত্ম্য ৷ ইয়াৰো কিছুমান সিদ্ধান্তৰ প্রতি বিশেষ মনযোগ দিয়া বাঞ্ছনীয় ৷ যেনে:

জানা উদ্ধৱ, বন্ধ-মোক্ষ জানিলেসে পণ্ডিত, দেহাদিত অহং-বুদ্ধি যাৰ সেইসে মূর্খ, শাস্ত্র নজানিলে মূর্খ নোহে ৷

এইসৱ বচন অনুসাৰে এক-শৰণ হৈয়া শম-দম বিভাগ নজানি ভক্তি কৰিলেও সংসাৰ তৰে ৷ বিভাগ জানি কৰিলে কি কৈম ৷

মহাপুৰুষ শ্রী শঙ্কৰ ঈশ ৱিৰচিতং ভক্তি-ৰত্নাকৰ গ্রন্থ সমাপ্তি ভৈল ৷ ইদানীক উচ্চ কৰি হৰি বোল হৰি ৷৷

এই আলোচনাৰ পৰা প্রমাণ হ’ল যে, ভক্তিবাদ তথা একশৰণ চাৰিও বেদৰ সাৰ মহাভাগবতৰ মূল তত্ত্ব ৷ শ্রীমন্তশঙ্কৰদেৱ, শ্রীশ্রীমাধৱদেৱ, শ্রীশ্রীদামোদৰদেৱ -এই তিনিও জন মহাপুৰুষৰ ধর্ম কৃষ্ণ সূর্য‍ই প্রকাশ কৰা ‘নাম ধর্ম’ তথা ‘একশৰণ হৰিনামধর্ম’ ৷

কথা ভক্তি-ৰত্নাকৰ বিৰচনকাৰী গোপালচৰণ দ্বিজৰ দুটামান উক্তি দাঙি ধৰা হ’ল:

মহা অগাধ শাস্ত্র, মহাপুৰুষ শঙ্কৰ ঈশ্বৰে সংগ্রহ কৰিলা ৷ আৰ ৰচনাত বঢ়া-টুটা যি দোষ হৈয়াছে তাক ক্ষমা কৰিবে লাগে ৷ মই মহামূঢ়ে দান্তে তৃণ কৰি প্রার্থনা কৰো ৷ যাতো বেহাৰ নগৰত দেখি শ্রী দামোদৰ ক্ষেত্রত পৰম ভাগৱত সৱে শোভিত দেখি সেহি স্থানত বসি গোপালচৰণ নাম মঞি অধমে নিবন্ধিলো ৷

Top ↑