PDF | Translation

কথা-ভাগৱত

বিবেকীসকলে পৰম আনন্দে ভগৱন্ত বাসুদেৱত নিতান্তে ভক্তি কৰন্ত ৷ ৰাজসিক, তামসিক ব্ৰহ্মা মহেশক ন ভজন্ত ৷

(১) সকল শাস্ত্ৰত কৰি শ্ৰীভাগৱত শ্ৰেষ্ঠ; যাক শ্ৰীনাৰায়ণে কহিছা; যাতকহে পৰম ধৰ্ম কেৱল হৰি ভজন (১ম স্কন্ধ) ৷

(২) বিবেকীসকলে পৰম আনন্দে ভগৱন্ত বাসুদেৱত নিতান্তে ভক্তি কৰন্ত ৷ ৰাজসিক, তামসিক ব্ৰহ্মা মহেশক ন ভজন্ত ৷ (১ম স্কন্ধ)

(৩) আৰো বেদাদি শাস্ত্ৰগণে বাসুদেৱক মাত্ৰ কহে ৷ এতেকে বাসুদেৱ মাত্ৰ ভজনি, আন নহে ৷ (১ম স্কন্ধ)

(৪) যাক ঢাকি বেদে নানা কৰ্ম্ম কহে, যাৰ ফলে পুৰুষে সংসাৰত ফুৰে ৷ এতেকে বিবেকীজনে আন কৰ্ম্ম এৰি দেহ নিৰ্ব্বাহৰ অৰ্থে যত কৰিব, অধিক নকৰিব, তাকো সুখ বুদ্ধি নেদিব ৷ (২য় স্কন্ধ)

(৫) জানা ৰাজা, এমনে মোক্ষৰ অনেক পন্থ আছে ৷ ভাল পন্থ পুনু ইহাকে বুলি যাত হন্তে হৰিত ভক্তি হয় ৷ বুলিবা, ’দেখিলেসে হৰিক, ভজিবাক পাৰে; নেদেখিলে কমনে ভজিব?’ ই শঙ্কা নকৰিবা, যাতো হৰি সকল জীৱৰ অন্তৰ্য্যামীৰূপে আছা; কাৰ্য্য দ্ৱাৰেসে কাৰণ জানি; জড়দেহৰ প্ৰবৃত্তিয়ে চৈতন্য হৰিক জানিবা ৷ এতেকে সৰ্ব্বাত্মা হৰিক সকল ঠাই সৰ্ব্বদায় শ্ৰৱণ-কীৰ্ত্তন স্মৰণ কৰা ৷ (২য় স্কন্ধ) [ই মূৰ্ত্তি বিৰোধী ৷]

(৬) সৃষ্টিৰ পূৰ্ব্বত প্ৰলয় অন্তত এক মঞি মাত্ৰ থাকো ৷ (২য় স্কন্ধ)

(৭) জ্ঞানীগণে যদি তোমাক যোগবলে পাৱে, তথাপি তাহাৰ অনেক শ্ৰম আছে ৷ ভক্তি পথত অনায়াসে পাৱে ৷ (৩য় স্কন্ধ)

(৮) লোকৰ এই দোষ-তোমাক নজানে, যাতো তোমাত বিনে আন সত্য বস্তু নাই ৷ (৩য় স্কন্ধ)

(৯) প্ৰথমে মহত্তত্ত্ৱৰ সৃষ্টি ৷ দ্ৱিতীয়ে অহঙ্কাৰ সৃষ্টি ৷ তৃতীয়ে মহা পঞ্চভূতৰ সৃষ্টি ৷ চতুৰ্থে ইন্দ্ৰিয়ৰ সৃষ্টি ৷ পঞ্চমে দেৱতাৰ সৃষ্টি ৷ ষষ্ঠে অবিদ্যাৰ পঞ্চ পৰ্ব্বাৰ সৃষ্টি ৷ ই ছয়বিধক প্ৰাকৃত বুলি ৷

(১০) সৱাকে এৰি আমাত শৰণ পশি যিজনে নিতান্তে ভকতি কৰে, তাক মঞি অৱশ্যে সংসাৰ তাৰি বৈকুণ্ঠলোকক নেওঁ ৷ মঞি ভগৱন্ত বিনে আনক ভজিলে কদাচিতো সংসাৰ নুগুচে ৷ (৩য় স্কন্ধ)

(১১) কপিলে বোলন্ত-জানা মাতৃ যিজনে গৃহৰ ধৰ্ম্মত থাকি বিমুখ হুয়া সকামে নানা কৰ্ম্ম কৰে, নানা দেৱতাক পূজে সি মৰি স্ৱৰ্গ ভোগ ভুঞ্জে, পাছে পুণ্য ক্ষয় হৈলে পৃথিৱীত পৰে ৷ (৩য় স্কন্ধ)

(১২) যি ভগৱন্তে ভক্তিমাত্ৰে পশুকো তাৰিছা, হেন ঈশ্ৱৰৰ স্মৰণমাত্ৰে সুখ-সেৱা ভগৱন্তক কোনে নভজিবে? (৩য় স্কন্ধ)

Top ↑