‘শৰণ-কালৰ পৰা বিধিৰ কিঙ্কৰ গুচি, কৰে সদা শ্রৱণ কীর্ত্তন’

শৰণম্ আশ্ৰয় অৰ্থাত্ মায়াই জীৱক যি হিংসা কৰি আছে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে একমাত্ৰ ভগৱানৰ চৰণত আশ্ৰয় লোৱাই, একশৰণ ৷
‘শৰণ’ বেদৰ অতীত ৷ সকলো আগম নিগম ধৰ্মতত্ত্ৱই বিচাৰি নোপোৱা এই শৰণ তত্ত্ব ৷ সকলো উপনিষদৰ সাৰ-সংগ্ৰহ গীতা শাস্ত্ৰৰ অষ্টাদশ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জ্জুনৰ আগত এই একশৰণৰ ব্যাখ্যা দিছে ৷
পুৰুষোত্তমৰ প্রেম ভকতি-সুখক মাত্র নিশ্চয় কৰিল যিতো জন ৷ শৰণ-কালৰ পৰা বিধিৰ কিঙ্কৰ গুচি কৰে সদা শ্রৱণ কীর্ত্তন ৷৷ [-নাম-ঘোষা]
সৰল ভাঙনি: যিজন লোকে পুৰুষোত্তমৰ প্রেম ভক্তি সুখক মাত্র আশা কৰি নিশ্চয়াত্মিকা বুদ্ধিৰে তেওঁতেই শৰণ গ্রহণ কৰে, তেওঁ শৰণ কালৰ পৰাই বিধি-কিঙ্কৰ মুক্ত হয় আৰু তেও সদায় ঈশ্বৰৰ গুণ-নাম শ্রৱণ-কীর্ত্তন কৰে ৷
ব্যাখ্যা: এই ঘোষাই কৃষ্ণ চৰণত শৰণ গ্রহণ কৰোতাজন শৰণ গ্রহণ কৰা মাত্রেই বিধি-কিঙ্কৰ মুক্ত হয় বুলি সিদ্ধান্ত দিছে ৷ ওপৰৰ ১২২ নং ঘোষাৰ পৰা ১২৬ নং ঘোষালৈ ব্যাখ্যা কৰা সাধকসকল কঠোৰ যোগ আৰু জ্ঞানমার্গৰ ভকত ৷ কিন্তু এই ঘোষাত কেৱল কৃষ্ণৰ শৰণীয়া ভক্তৰ কথাহে উল্লেখ কৰিছে ৷ যিজন ভকতে পুৰুষোত্তমৰ প্রেম ভকতিৰ সুখ আশা কৰি বা মনত ভাবি একমাত্র কৃষ্ণকে নিশ্চয় কৰি তেওঁতে শৰণ গ্রহণ কৰিলে তেৱেঁই শৰণ কালৰে পৰাই বিধি-কিঙ্কৰ মুক্ত হ’ল বুলি ঘোষণা কৰিছে ৷৷
‘শৰণম্ আশ্ৰয়’ অৰ্থাত্ মায়াই জীৱক যি হিংসা কৰি আছে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে একমাত্ৰ ভগৱানৰ চৰণত আশ্ৰয় লোৱাই, একশৰণ ৷ ‘শৰণ’ বেদৰ অতীত ৷ সকলো আগম নিগম ধৰ্মতত্ত্ৱই বিচাৰি নোপোৱা এই শৰণ তত্ত্ব ৷ সকলো উপনিষদৰ সাৰ-সংগ্ৰহ গীতা শাস্ত্ৰৰ অষ্টাদশ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জ্জুনৰ আগত এই একশৰণৰ ব্যাখ্যা দিছে ৷
শ্ৰীমদ্ভগৱদ্গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬২ নং শ্লোকলৈকে যিমান তত্ত্বকথা আলোচনা কৰিছে সকলো বিলাকেই গুহ্য আৰু গুহ্যতৰ তত্ত্ব বুলি গীতা প্ৰবক্তা ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে ৷
ইতি তে জ্ঞানমাখ্যাতং গুহ্যাদ্ গুহ্যতৰং ময়া ৷ বিমৃশ্যৈতদশেষেণ যথেচ্ছসি তথা কুৰু ৷৷ -ভগৱদ্গীতা ১৮ ৷ ৬৩
-গুহ্যৰো গুহ্য এই জ্ঞান মই তোমাক কলো; ইয়াক সম্পূৰ্ণৰূপে বিচাৰ কৰি তোমাৰ যেনে ইচ্ছা তেনেদৰে চলা; কিন্তু ৬৪ নং শ্লোকত তলৰ কথাখিনি উল্লেখ কৰিছে ৷
সৰ্ব্বগুহ্যতমং ভূয়ঃ শৃণু মে পৰমং ৱচঃ ৷ ইষ্টোহসি মে দৃঢ়মিতি ততো বক্ষ্যামি তে হিতম্ ৷৷ -ভগৱদ্গীতা ১৮ ৷ ৬৪
-সবাতকৈ গোপনীয় মোৰ শেষ বাক্য আকৌ শুনা তুমি মোৰ অতি প্ৰিয়; সেই কাৰণে তোমাক মই এই হিত কথা কওঁ ৷
সেই পৰম গুহ্যতম তত্ত্বটিয়ে হ’ল ‘একশৰণ’ৰ মহাবাণী ৷৷
ইয়াৰ পাছত ৬৫ আৰু ৬৬ নং শ্লোকত ভগৱান কৃষ্ণই একশৰণৰ তত্ত্ব উল্লেখ কৰিছে ৷ যথা -
মন্মনা ভৱ মদ্ভক্তো মদ্যাজী মাং নমস্কুৰু ৷ মামেৱৈষ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি মে ৷৷ -ভগৱদ্গীতা ১৮ ৷ ৬৫
তোমাৰ মন মোত নিবিষ্ট কৰা, মোৰ ভক্ত হোৱা, মোক উপাসনা কৰা; ইয়াকে কৰিলে মোক পাবা সঁচাকৈ প্ৰতিজ্ঞা কৰি কৈছো কিয়নো, তুমি মোৰ প্ৰিয় ৷ ১৮/৬৫
মহাপুৰুষ শ্ৰীমাধৱদেৱে নিম্নোক্ত ঘোষাটিৰে এই ৬৫ নং শ্লোকৰ ভাঙনি কৰিছে-
মোতে মাত্ৰ সদা দিয়া মন / মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ ৷ কহিলো তোমাত সত্যবাণী / পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখি আমাৰ ৷৷
- এই ঘোষাৰ তাত্ত্বিক অৰ্থ এয়ে যে ভগৱান কৃষ্ণই অৰ্জ্জুনক কৈছে—হে সখি অৰ্জ্জুন! এই জগতত ময়েই একমাত্ৰ স্ৰষ্টা, দ্ৰষ্টা আৰু নিয়ন্তা পুৰুষ; ময়েই সকলো সুখ দুখৰ গৰাকী; ময়েই আদি, ময়েই অন্ত, বুলি তোমাৰ মন স্থিৰ কৰা আৰু মোতেই তুমি মনোনিবেশ কৰা, সদায় সকলো সময়তে মোত বাহিৰে আন কোনোবা তোমাৰ গতি, ভুক্তি, মুক্তি দিব পৰা বা সৰ্ব্বদুখৰ ত্ৰাণকৰ্ত্তা আছে বুলি বিশ্বাস নকৰিবা ৷ সেই সকলো বিশ্বাস সৰ্ব্বক্ষণে মোতে আৰোপ কৰা, বাহিৰতো মোকেই মাত্ৰ পূজা, নমস্কাৰ কৰা; তুমি মোৰ অতি প্ৰিয়জন, গতিকে মই প্ৰতিজ্ঞা কৰি কৈছো তুমি মোক সহজেই লগ পাবা ৷
ইয়াৰ পাছত ৬৬ নং শ্লোকত শৰণৰ শেষ সিদ্ধান্ত প্ৰকাশ কৰিছে-
৬৬ নং শ্লোকেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰৱৰ্ত্তিত আৰু প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্মৰ মূলভেঁটি ৷ তেৰাই সকলো সংস্কৃত গ্ৰন্থক অসমীয়ালৈ অনুবাদ কৰিছিল ৷ কিন্তু এখন বিশেষ গ্ৰন্থ সংস্কৃতেৰে টীক্কা টিপ্পন্নী দি ভাৰতৰ পণ্ডিত মণ্ডলীক উদ্দেশ্য কৰি, একশৰণবাদৰ শুদ্ধ ব্যাখ্যা ঘোষণা দি গৈছে ৷ সেই মহান গ্ৰন্থখনিয়েই হ’ল ভক্তি-ৰত্নাকৰ ৷
শ্ৰীমদ্ভগৱদ্গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬৬ নং শ্লোকটি হ’ল-
সৰ্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ৷ অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷
-তুমি সমস্ত ধৰ্ম্ম পৰিত্যাগ কৰি একমাত্ৰ মোত শৰণ (আশ্ৰয়) লোৱা; তোমাক মই সমুদায় পাপৰ পৰা (অৰ্থাত্ কৰ্ম্মবন্ধনৰ পৰা) মুক্ত কৰিম; শোক নকৰিবা ৷ ১৮/৬৬
এই শ্লোকৰ অৰ্থ ভাৰতবৰ্ষৰ পণ্ডিত সকলে বিভিন্নভাৱে কৰিছে ৷ আমি সেই বোৰলৈ লক্ষ্য নকৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰুৱে তেৰাৰ মূল্যবান সংস্কৃত গ্ৰন্থ ভক্তি-ৰত্নাকৰত এই শ্লোকৰ যি টীকা কৰিছে তাক গ্ৰহন কৰিলেহে নামঘোষা শাস্ত্ৰৰ সাৰ্থকতা ৰক্ষা পৰিব ৷ কিয়নো মহাপুৰুষ শ্ৰীমাধৱদেৱ, শ্ৰীমন্ত শঙ্কৰগুৰুৰ ধৰ্ম্ম ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তেৰাৰ একনিষ্ঠ সেৱক ৷ শঙ্কৰদেৱৰ একশৰণ ভক্তিধৰ্ম্মৰ পথ সুগম কৰাৰ উদ্দেশ্যেহে তেৰাৰ বাক্যমতে শ্ৰীমাধৱদেৱ পুৰুষে এই ঘোষা শাস্ত্ৰ প্ৰণয়ন কৰিছিল ৷ ঘোষাশাস্ত্ৰৰ বিৰূপ ব্যাখ্যাৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ কঠোৰ সাধনা আৰু তেৰাৰ মহত্ উদ্দেশ্যক আঘাত হনাটো পৰিতাপৰ কথা; গুৰুজনাই ওপৰৰ শ্লোকত উল্লিখিত সৰ্ব্বধৰ্ম্মত্যাগৰ যি টীকা ভাষ্য সংযোগ কৰিছে তলত তাৰ উদ্ধৃতি দিয়া হ’ল:
ততঃ সৰ্ব্বগীতায়াং সাৰমুদ্ধৃত্য ভগৱানতিগুহ্যতমাদপ্যতি গুহ্যতমং পাৰ্থং প্ৰত্যাহ- -ভক্তি-ৰত্নাকৰ
সৰ্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ৷ অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷ -গীতা ১৮ ৷ ৬৬
সৰ্ব্বধৰ্ম্মানিতি টীকা: মদ্ভক্ত্যৈৱ সৰ্ব্বং ভৱিষ্যতিতি দৃঢ়বিশ্বাসেন্ বিধিকৈঙ্কৰ্য্যং ত্যক্ত্বা মদেকশৰণো ভৱ ৷৷ এৱং প্ৰৱৰ্ত্তমানঃ কৰ্ম্মত্যাগ নিমিত্তং পাপং স্যাদিতি মা শুচঃ, শোকং মা কাৰ্ষিঃ অতঃ ত্বং মাং শৰণং ব্ৰজ যাহি ৷ মামেৱ শৰণং কুৰু ৷ ত্বামহং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি ৷
এই টীকাৰ দ্বাৰা এই কথা পৰিষ্কাৰ হ’ল যে বিধিকৈঙ্কৰ্য্যং ত্যক্ত্বা মদেকশৰণো ভৱ
অৰ্থাত্ সকলো বিধি-কিঙ্কৰ ধৰ্ম্ম ত্যাগ কৰি মোৰ চৰণত শৰণ হোৱা ৷ আকৌ পিছৰ খণ্ডত কৰ্ম্মত্যাগ নিমিত্তং পাপং স্যাদিতি মা শুচঃ, শোকং মা কাৰ্ষিঃ
—বিধি কিঙ্কৰ কৰ্ম্মসমূহ ত্যাগ কৰাৰ নিমিতে যি পাপ সিজে তাৰ বাবে তুমি শোক নকৰিবা ৷ অতঃ ত্বং মাং শৰণং ব্ৰজ যাহি
—যিহেতু তুমি মোত শৰণ ল’লা—ত্বামহং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি
, তোমাক মই সকলো পাপৰ পৰা উদ্ধাৰ কৰিম ৷৷ এই টীকাৰ সৰল ভাঙনি শ্ৰীমাধৱদেৱ পুৰুষৰ একনিষ্ঠ সেৱক নিজ ভাগিন, পণ্ডিত প্ৰৱৰ ৰামচৰণ ঠাকুৰে অনুবাদ কৰিছে—
সমস্ত গীতাৰ মৰ্ম্ম উদ্ধাৰিয়া আনি ৷ অৰ্জ্জুনক কৃপায়ে কহন্ত চক্ৰপাণি ৷৷ বোলন্ত অৰ্জ্জুন শুনা বান্ধৱ পৰম ৷ কহো গুহ্যতমতো গুহ্যতম ৷৷ সুদৃঢ় বিশ্বাস হেন কৰিয়া বুদ্ধিত ৷ সিজয় সমস্ত ধৰ্ম্ম মোৰ ভকতিত ৷৷ তেজি বিধি কিঙ্কৰ যতেক ধৰ্ম্মগণ ৷ মোতেহে কেৱলে এক হুয়োক শৰণ ৷৷ কৰ্ম্ম ত্যাগ নিমিতে সিজয় পাপচয় ৷ ইটো শোক নকৰিবা তুমি ধনঞ্জয় ৷৷ যিহেতু আমাত তুমি লৈলাহা শৰণ ৷ সৱ পাপ হন্তে মই কৰিবো ৰক্ষণ ৷৷ -ভক্তি-ৰত্নাকৰ
এই টীকা আৰু পদ সমূহে এই কথা পৰিষ্কাৰ কৰিলে যে সকলো বিধি কিঙ্কৰ কৰ্ম্ম-ধৰ্ম্ম ত্যাগ কৰি একমাত্ৰ কৃষ্ণক ভজিলেই সমস্ত ধৰ্ম্ম সিজিব বুলি দৃঢ় বিশ্বাস কৰি ঈশ্ৱৰত শৰণ লোৱা মাত্ৰেই তেওঁ ঈশ্ৱৰ নিজা জন হ’ল ৷ ইয়াকে একশৰণ বোলে ৷ অৰ্থাত্ আন দেৱ-দেৱী, যাগ, যজ্ঞ, জ্ঞান সাধনা, তীৰ্থ-ব্ৰত, তপস্যা আদিক বিশ্বাস নকৰি ঈশ্ৱৰ কৃষ্ণকেই সৰ্ব্বসিদ্ধিদাতা, ত্ৰাণকৰ্ত্তা বুলি আশ্ৰয় লোৱাই এক শৰণ; সেয়েহে মহাপুৰুষ শঙ্কৰদেৱে তেৰাৰ কীৰ্ত্তন পুথিত কেনে লোকে হৰিপদত শৰণ লৈ তৰিব পাৰে, তাৰ এটি প্ৰাঞ্জল ব্যাখ্যা ডাঙি ধৰিছে ৷ অধৰ্ম্মী, মহাপাপী আৰু দুৰ্ঘোৰ বিষয়াসক্ত লোকসকলেও, বিধি-কিঙ্কৰ ধৰ্ম্ম সমূহ অনুশীলন কৰি মহাপাপ আদিৰ প্ৰায়শ্চিত্ত নকৰাকৈ, ঈশ্ৱৰ কৃষ্ণৰ চৰণত শৰণ লোৱা মাত্ৰেই তৰণৰ পথ পায়:
যেনমতে পাৱে পাপৰ পাৰ ৷ শুনা সাৱধানে উত্তৰ তাৰ ৷৷ সদায়ে এৰিলে আচাৰ ধৰ্ম্ম ৷ নভৈল কিছো যাৰ জাত কৰ্ম্ম ৷৷ শঠবুদ্ধি যিটো জগতে বঞ্চৈ ৷ দম্ভ অহঙ্কাৰ সদা নুগুচৈ ৷৷ সুৰাপায়ী চাতুকাৰ চাণ্ডাল ৷ নিষ্ঠুৰ বাক্য বোলৈ সৰ্ব্বকাল ৷৷ পুত্ৰ দাৰা ধন আতেসে ৰতি ৷ সৱাতো অধম যি পাপ মতি ৷৷ সিসৱো পাপত হোৱৈ তৰণ ৷ যদি হৰিপদে লৱৈ শৰণ ৷৷ -কীৰ্ত্তন
ওপৰত উল্লেখ কৰা ’পুত্ৰ দাৰা ধন আতেসে ৰতি’ এই সকল পৰম অবিৰক্তলোক ৷ এনে লোক সকলেও কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰা মাত্ৰেই তৰে ৷ এয়েই শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰৱৰ্ত্তিত একশৰণ ধৰ্ম্মৰ শুদ্ধ মত ৷ মহাপুৰুষ শ্ৰীমাধৱদেৱে এই ১২৭ নং ঘোষাত সেয়েহে দৃঢ় কণ্ঠে শৰণীয়া ভকতৰ মহিমা প্ৰকাশ কৰিছে ৷ ওপৰৰ ঘোষা সমূহত উল্লেখ কৰা দুয়ো শ্ৰেণীৰ যোগী আৰু জ্ঞানী ভক্ত সকলে কঠোৰ যোগ অভ্যাস, তপ, জ্ঞান বা সন্ন্যাসাদিৰ দ্বাৰা যি ফল প্ৰাপ্ত হয় ভকতে সুখে তাক বহি পায়:
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি ৷ দানে সন্ন্যাসে বা পাৱে সম্প্ৰতি ৷৷ ভকতে সুখে বহি পাৱে তাক ৷ উদ্ধৱৰ আগে কৃষ্ণৰ বাক ৷৷ পৰম অহিংসা ধৰ্ম সন্ন্যাসে ৷ নপাৱে যি মোক জ্ঞান অভ্যাসে ৷৷ ভকতেসে কৰে আমাক বশ্য ৷ কহিলো উদ্ধৱ ইটো ৰহস্য ৷৷ -কীৰ্ত্তন
পুৰুষোত্তমৰ প্ৰেম ভক্তিয়েই ভক্তিৰ চৰম লক্ষ্য ৷ যিসকল লোকে এই প্ৰেম ভক্তি কামনা কৰে তেওঁলোকে হৰিত শৰণ লৈ সদায় তেওঁৰ গুণ-নাম কীৰ্ত্তন অনুশীলন কৰি থাকিব ৷ ইয়কে কৰি থাকিলেই নামৰ সাতোটা কাৰ্য্য অনায়াসে সিদ্ধ হব ৷ নাম লৈ থাকোঁতে থাকোঁতে অনাদি জন্মৰ সকলে পাপ নষ্ট হব, অক্ষয় পুণ্যফল সঞ্চিত হব; বিষয়ত বৈৰাগ্য আহিব আৰু পুৰুষোত্তমত প্ৰেম ভক্তি উপজিব ৷ এই প্ৰেমভক্তি, ভক্তিসাধনাৰ আৰম্ভণিতে কোনো লোকেই লাভ কৰিব নোৱাৰে ৷ ঈশ্ৱৰত শৰণ হৈ অনুৰাগে ভক্তি অনুশীলন কৰি থাকিলেই ভক্তই প্ৰেমভক্তিৰ স্তৰ লাভ কৰে ৷ এই ঘোষাত এনে ভক্তি পাম বুলি আশা কৰা কথাকহে উল্লেখ কৰিছে; প্ৰেম ভক্তিত মজি থাকি শৰণীয়া হ’লেহে বিধি-কিঙ্কৰ মুক্ত হ’ব এনে ব্যাখ্যা ভ্ৰান্তিমূলক ৷ ঈশ্ৱৰৰ প্ৰেমভক্তি মিলাতো নামৰ চতুৰ্থ কৃড়া, ওপৰঞ্চি সমস্ত জগতকে বিষ্ণুময় বা বাসুদেৱময় দেখাৰ বিশুদ্ধ জ্ঞান জন্মিব; সৰ্ব্বশেষত মায়াক দহি নিৰ্য্যাণ কৰি পৰম ঈশ্ৱৰক সাক্ষাত কৰাব; সেয়া নামৰ নিজা ধৰ্ম্ম ৷ এতেকে এই ঘোষাত মহাপুৰুষ জনাই পৰিষ্কাৰ সিদ্ধান্ত দিছে যে শৰণীয়া ব্যক্তি সকলৰ ঈশ্ৱৰত শৰণ গ্ৰহণ কৰা মুহূৰ্ত্তৰ পৰাই বিধি-কিঙ্কৰ গুচিব, অৰ্থাত্ তেওঁলোকে বেদবিহিত কৰ্ম্ম ধৰ্ম্ম আদি পালন কৰিব নালাগে ৷ সেই দিনাৰ পৰা সদায়েই তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্ত্তন অনুশীলন কৰি থাকিলেই এদিন পুৰুষোত্তমৰ প্ৰেম ভক্তি আস্বাদন কৰিবলৈ পাব ৷
পৰম বান্ধৱ হৰিৰ নাম ৷ যিজনে তাক লৱৈ অবিশ্ৰাম ৷৷ তাৰ সাত কাৰ্য্য সাধিবে দেখা ৷ প্ৰতি প্ৰতি লোৱা সাতৰো লেখা ৷ প্ৰথমে দহিব পাতেকচয় ৷ কৰিবে মহাপুণ্য অভ্যুদয় ৷৷ কৰাইবে বিষয়ত বিৰকতি ৷ কৃষ্ণত বঢ়াইবে প্ৰেমভকতি ৷৷ উপজাইবে আতি বৈষ্ণৱ জ্ঞান ৷ মায়াকো কৰিবে দহি নিৰ্য্যাণ ৷৷ চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি ৷ থৈবেক তেন্তে এৰে একে কৰি ৷৷ তেৱেসে নাম হৈব উপশান্ত ৷ কহিলো পৰম তত্ত্ব একান্ত ৷৷ -কীৰ্ত্তন
একান্ত শৰণ মানে, বহুলোকৰ ধাৰণা যে সমস্ত বিষয়াসক্তি; সংসাৰৰ কাম্য কৰ্ম্ম সমূহ ত্যাগ কৰি দিনে ৰাতিয়ে একমাত্ৰ হৰিগুণ নামত ৰত হৈ সকলো তেওঁতে অৰ্পণ কৰিব পাৰিলেহে, একান্ত শৰণ হব পাৰিব; এই কথাৰ অৱশ্যে মৌলিক তাত্পৰ্য্য নোহোৱা নহয় ৷ ভকতিৰ উচ্চতম সাধনাত ব্ৰতী হোৱা ব্যক্তি সকলৰ এই অৱস্থাই প্ৰাপ্ত হয়; কিন্তু শৰণৰ প্ৰাৰম্ভিক অৱস্থাতেই ভক্তিৰ চৰম অৱস্থা বিচাৰি পৰ্য্যালোচনা কৰিলে একশৰণৰ সাধনাৰ ভুল ব্যাখ্যা কৰা হ’ব ৷ বিষয় সংসাৰৰ কামনা বাসনা, শোক-তাপ জৰা-ব্যাধি আদিক ভৱৰোগ বুলি শাস্ত্ৰই উল্লেখ কৰিছে ৷ এই সমস্ত বিকাৰযুক্ত লোক ভৱৰোগী, এই ভৱৰোগ চিকিত্সাৰ হৰি নামেই মহৌষধ আৰু পৰমেশ্বৰেই এই ৰোগৰ চিকিত্সক ৷ কোনো ৰুগীয়ে নিজ চেষ্টাৰ বলত ৰোগ নিৰাময় কৰাৰ পাচত কেতিয়াও ঔষধ বা চিকিত্সকৰ ওচৰলৈ নাযায় ৷ ৰোগযুক্ত অৱস্থাতেইহে ৰোগীয়ে ঔষধ বা চিকিত্সাৰ আৱশ্যকতা অনুভৱ কৰে ৷ সেইদৰে ভৱৰোগী পাপাচাৰী দুৰ্ঘোৰ বিষয়াসক্ত শোকে-তাপে জৰ্জ্জৰিত লোক সকলে এই সকলো বিকাৰৰ পৰা মুক্ত হৈ চিকিত্সাৰ ব্যৱস্থা লোৱা বা পৰমেশ্বৰৰ আশ্ৰয় (শৰণ) বিচৰাটোৰ কোনো অৰ্থই থাকিব নোৱাৰে ৷ সেয়েহে গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জ্জুনক অভয় বাণী দান দি ’সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ’ বুলি প্ৰতিজ্ঞা কৰিছে ৷ মহামহা পাপীয়েও আন দেৱতাক বিশ্বাস নকৰি একমাত্ৰ কৃষ্ণকেই সৰ্ব্বদেৱময়, সৰ্ব্ববেদময় পুৰুষ বুলি ভজনা কৰিলে, তেৱেঁই পৰম সাধু ৷
অপি চেত্ সুদুৰাচাৰো ভজতে মামনন্যভাক্ ৷ সাধুৰেৱ স মন্তব্যঃ সম্যগ্ৱ্যৱসিতোহি সঃ ৷৷ -ভগৱদ্গীতা ৯ / ৩০
অৰ্থাত্ , অত্যন্ত দুৰাচাৰী পাপীয়েও যদি মোক একনিষ্ঠভাৱে ভজে, তেন্তে, তেওঁ সাধু হৈছে বুলি ধৰিব লাগিব; কিয়নো তেওঁ সাধু সংকল্প পৰায়ণ হৈছে অৰ্থাত্ তেওঁৰ মতি সত্পথলৈ আহিছে ৷
সমস্ত গীতাৰ সাৰ উদ্ধাৰিয়া আনি ৷ অৰ্জ্জুনত কৃপায়ে কহন্ত চক্ৰপাণি ৷৷ একেমাত্ৰ মোতে তুমি লৈয়োক শৰণ ৷ সমস্ত পাপত মই কৰিবো তৰণ ৷৷ উৰ্দ্ধবাহু কৰি মই কৰো অঙ্গীকাৰ ৷ সমস্ত পাপতে মই কৰিবো উদ্ধাৰ ৷৷ -ভক্তি-ৰত্নাকৰ
মহাপুৰুষে কৈছে-
অৰ্জ্জুনত গীতাত কহিলা হৰি সাঁচ ৷ অপদেৱতাক পূজি হৈবেক পিশাচ ৷৷ প্ৰেতৰ লগত ফুৰিবেক পূজা খাই ৷ আউৰ কৌটি জন্মতো তাহাৰ গতি নাই ৷৷
যুগ যুগ ধৰি বেদে প্ৰভাৱ বিস্তাৰ কৰা এই দেশৰ লোক সমূহৰ মনত, বেদবিহিত কৰ্ম্ম সমূহ অনুশীলন কৰা আৰু বেদে সৃষ্টি কৰা দেৱ দেৱী সমূহক পূজা অৰ্চ্চনা কৰাটোৱেই ধৰ্ম্ম বুলি পৰিগণিত হৈ আছিল ৷ দেৱ-দেৱী সমূহক পূজা-সেৱা নকৰিলে নাইবা বেদবিহিত কৰ্ম্মানুষ্ঠান সমূহ পালন নকৰিলে ঘোৰ নৰকত জন্ম লভি যমৰ যাতনা ভোগিব বুলি বিশ্বাস কৰে ৷ কিন্তু কলিৰলোকৰ বাবে এই সমস্ত বেদ পন্থই বৰ্জ্জিত হ’ল ৷ একমাত্ৰ ঈশ্ৱৰ কৃষ্ণৰ ভক্তি পন্থই কলিৰ লোকৰ যুগধৰ্ম্ম বুলি সিদ্ধান্ত দিবলৈকে ভগৱান কৃষ্ণই অৱতাৰ গ্ৰহণ কৰিছিল ৷
ধৰ্ম্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ৷৷ -ভগৱদ্গীতা
এতাংশেন কলা কৃষ্ণস্তু ভগৱান স্বয়ম্
-পূৰ্ণকৃষ্ণ ভগৱানে কি ধৰ্ম্ম সংস্থাপন কৰিলে? তেওঁ নিশ্চয় অংশ কলা অৱতাৰ সমূহে সংস্থাপন কৰি যোৱা ধৰ্ম্মতকৈ এক সৰ্ব্বশ্ৰেষ্ঠ বা চুড়ান্ত ধৰ্ম্মসংস্থাপন কৰিব লাগিব; যিহেতু তেওঁ পূৰ্ণকৃষ্ণ ৷ সেয়ে তেওঁ বেদাতীত, বেদ শিৰোমণি, একশৰণ ধৰ্ম্ম সংস্থাপন কৰিলে ৷ শৰণ, ভজন ভক্তি বেদান্তৰ বাজ ৷ ভগৱান কৃষ্ণই অভয় বাণীৰে একশৰণ পৃথিৱীত প্ৰতিষ্ঠা কৰিলে ৷ এই একশৰণ ধৰ্ম্ম গুহ্যতমৰো পৰম গুহ্যতম ৷ পাপী, তাপি, অনাচাৰী সকলোৱেই তেওঁৰ চৰণত আশ্ৰয় লোৱাৰ অধিকাৰ আছে ৷ তেওঁক একমাত্ৰ গতিদাতা বুলি দৃঢ় বিশ্বাস কৰাটোৱেই একশৰণৰ মূল ভেঁটি ৷ এই বিশ্বাসৰ ভেঁটিত থিয়হৈ কৃষ্ণক আশ্ৰয় কৰিলে বা ’শৰণ’ ললেই ’একশৰণীয়া’ ৷ তেওঁৰ গুণ-নাম শ্ৰৱণ-কীৰ্ত্তন কৰি থকাই ভক্তি অনুশীলন ৷ ইয়াকে কৰি থাকিলেই ভক্তিৰ সকলো অৱস্থা প্ৰাপ্ত হব আৰু সকলো ৰস আস্বাদন কৰি সৰ্ব্বশেষত জীৱে পৰমেশ্বৰৰ কাষ পাব ৷
তিনিগুণময় বেদ অৰ্থ যত যত ৷ তাহাৰ বিহিতমানে অসত্য সমস্ত ৷৷ -ৰত্নাৱলী
(শ্ৰীইলাৰাম দাসৰ ‘নাম-ঘোষা ৰসামৃত’ৰ পৰা, পৃ. ১৬৭, ঘো. ১২৭)
Top ↑